মাঘ বিহু সংখ্যা, জানুৱাৰী ২০২৩

আধ্যাত্মিক অনুভূতি

-৬০ ইন্দিৰা বৰঠাকুৰ

অলপতে এখন গ্রন্থ (১৯১৭ চনতে প্রকাশ পোৱা) মোৰ হাতত পৰিছিলহি। একে বহাতে শেষ কৰিবলৈ মন যোৱা এখন সৰু কিতাপ। অতি সাধাৰণ ভাবে লিখা কিতাপখনে কিন্তু মোৰ মনত বহুতো চিন্তাৰ উদ্ভৱ তথা খোৰাক জগাবলৈ সক্ষম হৈছিল। কিতাপখনৰ নাম "মোবো এটা সপোন আছে"। আত্মজীবনীব দবে লিখা এখন সাধাৰণ গ্রন্থ। তেখেত রাশিংটন বিশ্ববিদ্যালয়ত "স্কুল অব মেডিচিনৰ গবেষণাগাৰত গৱেষক বিজ্ঞানী তথা ইন'ভেশান ফেল'"। মানর কোষব ত্রুটিপূর্ণ জিন সম্পাদনাৰ যোগেদি মানৱ সভ্যতাৰ পৰা সহস্রাধিক জেনেটিক ৰোগ নির্মূল কৰাৰ সংকল্পবে এক যুগান্তকাৰী আৱিস্কাৰ "জিন এডিটিং"ৰ বিষয়ব গৱেষণা কৰি ডক্টৰেট ডিগ্রী পোৱা ব্যক্তি। ইতিমধ্যে তেখেতৰ এই কিতাপখন বহুতো লোকে নিশ্চয় পঢ়িছে। তথাপিও মই উপলব্ধি কৰা, অন্তৰ স্পৰ্শ কৰা কিছু কথাৰ কাৰণে পাঠকলৈ দুষাৰমান আগবঢ়াব খুজিছো। উন্নতিৰ অকনমানো মুখ নেদেখা ভিতৰুৱা এখন গাঁৱৰ অতি দুখীয়া ঘৰৰ ল'ৰা, যিজনে জীৱনত কিবা এটা হোৱাৰ, কিবা এটা কৰাৰ সপোন বুকুত বান্ধি লৈ ফুৰিছিল। পিতৃৰ লগত পঢ়াশালীলৈ যোৱাৰ আগতে হালবাওতে, মৈত উঠি মাটি চহাওতে, গৰু ৰখোঁতে, বোকা-পানী খচি কেবা কিলোমিটাৰ দুৰৰ পঢ়াশালীলৈ সুদা-ভবিবে খোজ কাঢ়ি যাওঁতে অর্থাৎ সকলো সময়তে সপোনৰ কথা পাহৰা নাছিল। জনা নজনাৰ বয়সতে পিতৃ আজ্ঞা পালন কৰি পুৱা গধুলি কীৰ্ত্তন ঘোষা, শ্লোক আদি আওবাইছিল। বাহৰ চাঙত টিপ চাকিৰ পোহৰত কিতাপৰ পাঠ আওৰাইছিল। ছয়-সাত বছৰৰ পৰাই পৰিয়ালত দুপইচা অর্জন কৰাত সহায় আগবঢ়াইছিল। মাকৰ ওপৰত আছিল অগাধ বিশ্বাস আৰু অসীম শ্রদ্ধা। টিউচনৰ কথা ভাবিবও নোৱাৰা অৱস্থাত অ'ৰ-ত'ৰ পৰা সংগ্ৰহ কৰা কিতাপ বিলাকেই তেওঁৰ আছিল অবলম্বন। ফলাফল সদায় উচ্চ খাপত আছিল। অতি বেয়া অবস্থাতো পিতৃ-মাতৃয়ে হাত দাঙি দিব খুজিলেও তেওঁ নিজৰ পথত অবিচলিত ভাবে আগবাঢ়ি যাবলৈ দৃঢ় প্রতিজ্ঞ আছিল আৰু পিতৃ আৰু পৰিয়ালৰ অক্লান্ত পৰিশ্ৰমৰ ফলস্বৰূপে তেওঁ এদিন সফল হৈছিল। এনে অৱস্থাৰ ল'ৰা-ছোৱালী আমাৰ দেশত বহুতো আছে যি কৃতকাৰ্য্যতাৰ শিখৰত উপনীত হৈছেগৈ। কিন্তু এই কিতাপখনে মোৰ মনত সাঁচ বহুরা প্রথম কথাটো হ'ল দায়িত্বজ্ঞান আৰু আধ্যাত্মিকতাব প্রভাব। আজিৰ সমাজত পিতৃ-মাতৃয়ে অতি আশাবে শিক্ষিত কৰি তোলা ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত্রটো দেখা যায় নিজে আত্মনির্ভৰশীলহৈ পৰিয়াললৈ একেবাৰে পিঠি দিয়া লোক। কিন্তু এই ল'ৰাজনে প্রথম ফেল'শ্বিপ পোৱাৰ পৰাই পিতৃ-মাতৃ আৰু পৰিয়ালক কেনেকৈ সকাহ দিব পাৰি তাৰ চিন্তা কৰিছিল। অৱশেষত পৰিয়ালটোক সুখ স্বাচ্ছন্দবে জীৱন অতিবাহিত কৰাত পূর্ণ সহযোগিতা আগ বঢ়াইছিল। এনে দৃষ্টান্ত আজিৰ সমাজত বিবল। সুদুৰ দেশৰ পৰা দুৰ্ভাগ্য বশতঃ জেনেটিক ৰোগত আক্রান্ত পিতৃৰ ওচৰলৈ আহিবলৈ পাহৰা নাছিল। এই গ্রন্থখনৰ লিখক ড' কবুল মাউত।


জ্ঞানে-অজ্ঞানে তথা অজানিতে শিশুর মনত আধ্যাত্মিক ভাৱধাৰাৰ সঞ্চাৰ হয়। সমাজক শক্তিশালী কৰি গঢ়ি তুলিবলৈ আধ্যাত্মিক অনুভূতিৰ প্রয়োজনক কোনেও নুই কৰিব নোৱাৰে। সুস্থ দেশ, সমাজ গঢ়িবলৈ শ্রদ্ধা-ভক্তি লাগিব। শিশুৰ ওপৰত আধ্যাত্মিক ভাৱধাৰাৰ প্রভাৱৰ কথা উপলব্ধি কৰি তাৰ ওপৰত গুৰুত্ব দিলে হয়তো আজিৰ সমাজত দেখা দিয়া অনৈতিক, অসামাজিক কার্যকলাপ অলপ হ'লেও কমিব বা কমাবলৈ সক্ষম হমহক।

উৎসব মুখৰ অসমত বর্তমান উৎসর, মহোৎসৱ, দিৱসৰ উজান। এখন দেশব নতুবা এখন সমাজ বা জনগোষ্ঠীৰ কলা-সংস্কৃতি, পৰম্পৰাগত বিভিন্ন উৎসব, পূজা-পাতল আদি জীয়াই বখাটো সকলোৰে দায়িত্ব আৰু কৰ্ত্তব্য। কিন্তু বর্তমান যি গতিত সকলো সৰু-সুৰা পূজা পাতল উৎসৱলৈ, সৰু-সুৰা উৎসৱ মহোৎসবলৈ ৰূপান্তৰিত হৈছে সি নিশ্চয় এখন সমাজৰ উত্থানৰ চিন নহয়। সকলো কথাৰে ভাল-বেয়া দুটা দিশ থাকে, গতিকে সেই কথা মনত ব্যখিহে আমি আগ বাঢ়িব লাগে। কোনো কোনো উৎসৱৰ সময় ১৫/২০ দিনলৈ বিস্তৃত হোৱা দেখা যায়। এইবাৰ "লাচিত দিরস" বাজাৰ লগতে দিল্লীটো উদ্যাপন কৰা হ'ল। তাৰ কাৰণে প্রযোজক সকলক ধন্যবাদ দিবই লাগিব। এনে দিৱসৰ প্রয়োজনীয়তা নিশ্চয় আছে। মাত্র ইয়াক কেরল উৎসর হিচাপে জাক-জমকতাৰে পালন কৰিলেই নহ'ব। এই দিবসে উঠি অহা প্রজন্মক লাচিতৰ সাহসিকতাই, প্রত্যুৎপন্নমতিতাই দেশ বা জন্মভূমিৰ প্রতি থকা শ্রদ্ধা মৰমে আকর্ষিত কৰিব পাৰিব লাগিব। বহুত আগতেই আমাৰ মৰমৰ স্বনামধন্য ভূপেন হাজৰিকাদেরে সেয়েহে লুইতপৰীয়া ডেকা ল'বাক সঘনাই লাচিতৰ নাম লবলৈ সোঁৱৰাই গীত গাইছিল।

অসমীয়াৰ কাৰণে ভঁৰালত সোণগুটি ভৰাই লৈ আনন্দৰে সকলো মিলি এসাঁজ খাই, মেজি জ্বলাই অগ্নি দেৱতাক স্তুতি কৰা আয়োজনটোৱেই হ'ল বাপতিসাহোন মাঘ বিহু বা ভোগালী বিহু। লাহে লাহে ইয়ো এটা উৎসবলৈ পৰিণত হৈছে। সহজ সবল লোকে মেজি সাজি বাতি বখিবলৈ ভেলাঘৰ সাজে সাধাৰণভাবে। মহিলা সকলে বিভিন্ন ধকাৰ পিঠা-পনা তৈয়াৰ কৰে। ৰাতি ভেলাঘৰত ভোজভাত খোৱাৰ দিহা কৰে। প্রত্যেকটো বিশ্বৰে আধ্যাত্মিক দিশটো তাৎপর্যপূর্ণ। কিন্তু বর্তমান ভেলাঘৰ সজাৰ প্রতিযোগিতা, জাকজমকতাই যেন প্রাধান্যতা লাভ কৰিছে। প্রত্যেকটো উৎসৱ পালন কৰাৰ লগতে তাৰ অন্তর্নিহিত সাৰমৰ্ম উপলব্ধি কৰাটো অতীব প্রয়োজনীয় আৰু বাঞ্চনীয়। এনে চিন্তাইহে সমাজত দায়বদ্ধ, শিক্ষিত, কর্ত্তব্যনিষ্ঠ প্রকৃত মানর তৈয়াৰ কৰাত সহায়ক হব।

শেষত, আহিবলৈ ধৰা ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিল।
×