ব'হাগ বিহু সংখ্যা, এপ্ৰিল ২০২৩
মানসিক চাপ আৰু সমাজ -ড° ইন্দিৰা বৰঠাকুৰ
ব'হাগক কোনে আনিলে যাত্রা। প্রকৃতিক প্রকৃত নতুবা যথা সময়ত ফলে-ফুলে জাতিষ্কাৰ কৰি সুশোভিত কৰি তুলিবলৈ ফাগুনে এই দায়িত্ব অতি নিষ্ঠাৰে পালন কৰে। তাত অকনো হীন-দেৰি দেখা নেযায়। যথা সময়ত অসমীয়াৰ বুকুৰ আমঠু অতি হেঁপাহৰ প্রথম বিহু আহে। ঢোলে-ডগৰে, মাকোৰ খটখটনিৰে, কুলি-কেতেকীৰ মাতে ডেকা-গাভৰুৰ মন উৰুলিকৃত কৰি তোলে। কৃষকৰ হৃদয়ত স্পন্দন আৰম্ভ হয়। আগন্তুক দিনত সোণালী ধাননি ডৰাৰ কথা ভাবি তেওঁলোকৰ মন আনন্দই নধৰা হয়। ইয়ে প্রকৃতি উর্ধ্বৰা হোৱাৰ সময়। কৃষকৰ পথাৰত নাঙল জোৰাৰ সময়। কৃষিৰ লগত চ'তৰ শেষত এই বিহুৰ নিবীড় সম্বন্ধ।
ফাগুন মাহৰ পৰাই আৰম্ভ হয় এই এইখিনিতে মনত বাৰে বাৰে এটা প্রশ্নই আহে। এই সাতামপুৰুষীয়া ৰঙালী বিহুবে আগৰ দৰে এতিয়াও কৃষকে, ডেকা-গাভৰু, বোৱনী, ৰোৱনী, বুঢ়া-মেথা, শিশু সকলোৰে মন ৰাইজাই কৰি তোলেনে? খোপাত কপৌফুল গুজি নাচনি অকৃত্রিম ভাবে ওলাই আহেনে গছৰ তললৈ? এনে ধৰণৰ কিছুমান প্রশ্নই বৰ্ত্তমান আমাৰ মন ভাৰাক্ৰান্ত আৰু চিন্তাক্লিষ্ট কৰি তোলে। বিচাৰি পাওঁনে সমাজত ব'হাগে অনা সেই আবেগ বা মনখোলা হাঁহি ধেমালীৰ পৰিবেশ? পৰা নাই আমি মনখুলি ব'হাগক আদৰিবলৈ। সমাজত অতি খৰতকীয়াকৈ অহা পৰিবৰ্ত্তনে যেন এই সকলোবোৰ নিঃশেষ কৰি আনিছে। সকলো ক্ষেত্রতে কেরল প্রতিযোগীতা। শিশুরে শিশুসুলভ স্বকীয়তা হেৰুৱাইছে, আৰু কত যে কি? জীৱনত কিহৰ ধন-সম্পদ আহৰণৰ চিন্তা, কিহৰ দুবেলা-দুমুঠিৰ চিন্তা, পৰিবৰ্ত্তনে আমি দিয়া পৰিয়ালৰ বিভিন্ন দাবী পুৰণ কৰাৰ চিন্তা, শিক্ষাৰ ক্ষেত্ৰত প্রতিযোগিতা, চাকৰিৰ প্ৰতিযোগিতা, ৰঙালী বিহুৰ নাচনী, ঢুলীয়াৰ প্রতিযোগিতা। ক'ত নাই প্রতিযোগিতা? ইয়াৰ ফলত বিভিন্ন জনে বিভিন্ন কাৰণত মানসিক চাপত অর্থাৎ হেচাত ভুগিবলৈ ধৰিছে। শিশুৱে হেৰুৱাইছে অতি আবশ্যকীয় ল'ৰালি কালৰ পৰিবেশ। চৰকাৰী বা বেচৰকাৰী চাকৰিৰ আশাত হাবাঠুৰি খোৱা ডেকা ল'ৰাই কৃষি কাৰ্য্যৰ প্রতি পিঠি দিছে নতুবা অনিহা প্রকাশ কৰিছে। যাৰ ফলত কৃষি কাৰ্য্যত বাধা আহি পৰিছে। চৰকাৰী সাহায্য লাভ কৰা সকলে কৃষি কৰাৰ আৱশ্যকতা অনুভৱ নকৰা হ'ল। চৰকাৰী সাহায্য লাভ কৰাৰ প্রতিযোগিতাহে তেওঁলোকৰ কাৰণে ডাঙৰ হৈ পৰিছে। নাচনীয়ে নাচিছে অন্তৰত ব'হাগৰ স্পন্দনলৈ নহয়, বিহুৰাণী বা সাম্রাজ্ঞী হোৱাৰ কাৰণে যি নাচত হৃদয়ৰ আবেগ নাই। সকলোৰে হাঁহিত স্বতঃস্ফুর্টতা নাই আছে কৃত্রিমতাৰ প্ৰলেপ।
বর্তমান আমি একো একোজন মানসিক চাপৰ দ্বাৰা আক্ৰান্ত ৰোগী। ইয়াৰ চাক্ষুষ পৰিণতি হ'ল বয়সস্থ লোকৰ পৰা শিশুলৈকে বাচিলোৱা চৰম পন্থা আত্মহত্যা অর্থাৎ আত্মহনন। যি প্রতিযোগিতাৰ দৌৰত আগবাঢ়ি যাব পৰা নাই তেওঁলোকে নিজকে শেষ কৰি দিয়াৰ পথ বাচি লৈছে।
সম্পত্তি আহৰণৰ দৌৰত মানুহ নামৰ এই শ্রেষ্ঠ প্রাণী নামি পৰিছে দুর্নীতি, অবিচাৰ, অত্যাচাৰ আদিত। প্রকৃতিৰ ওপৰত চলিছে অবিৰাম, অবিৰত দুখ লগা অত্যাচাৰ। সমাজে সংস্কাৰ হেৰুৱাইছে। হিতাহিত জ্ঞান হেৰুৱাই মানৱ নামৰ জাতিটো যেন পঙ্গু হৈ পৰিছে। প্রতিযোগিতাই আনি দিয়া মানসিক চাপৰ ফলত সমাজ যেনে এফালৰ পৰা ধ্বংস হৈ যাবলৈ ধৰিছে। এদিন হয়তো সকলোৱে বুজি পাব ইয়াৰ প্ৰয়োজন সঁচাকৈ কিমান আছিল। যি আমাৰ মাজত ভাতৃবোধ, একতা, সমতা, শ্রদ্ধা-ভক্তি সকলো লোপ কৰি পেলাইছে।
নতুন বছৰৰ নতুন দিনত সকলোকে ওলগ জনালো। লগতে কামনা কৰিছোঁ আমাৰ সকলোৰে মন বিলাক যেন সুচিন্তা, সুসংস্কাৰেৰে আলোকিত হয়।
Post a Comment
0 Comments