ভোগালী - যুৱ বিশেষ সংখ্যা, ২০২৬ চন
শৰতৰ শেৱালীৰ সুবাস মাৰ নৌযাওতেই আহিল সোণোৱালী পথাৰৰ পকাধানৰ চৌদিশ বিয়পি পৰা সৌন্দৰ্য্য৷ কৃষিজীৱি সকলৰ বহু প্ৰত্যাশিত সফলতা৷ ৰঙালীৰ ৰং সামৰাৰ পিছতে আৰম্ভ হয় কৃষকসকলৰ এই বহু আশাৰ যাত্ৰা৷ মুৰৰ ঘাম মাটিত পেলাই প্ৰকৃতিৰ আশীবৰ্াদপুষ্ট অৰ্থাৎ প্ৰকৃতিয়ে উৰ্ব্বৰা কৰি তোলা খেতি পথাৰত বহু কষ্টেৰে বছৰটোৰ কাৰণে সোণগুটি চপোৱাৰ দিহা কৰে৷ আঘোন, কাতি আৰু পুহলৈকে সেই কষ্টৰ ফচল আনন্দেৰে ঘৰলৈ চপাই আনি সকাহ অনুভৱ কৰে৷ সেইকেইটা দিনত দাৱনীৰ হাঁহি আৰু গীত-মাতে, পাহুৱাল কৃষকৰ লখিমী চপোৱাৰ আনন্দেৰে আৰু উলহ-মালহেৰে পৰিৱেশ ভৰপুৰ হয়৷ তাৰ পৰৱৰ্ত্তী পৰ্য্যায়ত গাঁৱত মাঘৰ সংক্ৰান্তিত ভোজভাতৰ আয়োজন আৰম্ভ হয়৷ বছৰটোৰ কাৰণে ধানমুঠিৰ প্ৰয়োজন পুৰাইলৈ সকলোৱে একেলগে এসাজ খোৱাৰ আনন্দ উপভোগ কৰে৷ লগতে গৃহিণী সকলৰ সুনিপুণ হাতেৰে তৈয়াৰী কৰা চিৰা, পিঠা, সান্দহেৰে এই ভোগালী উৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ আগদিনা ভেলাঘৰ সাজি ডেকাল’ৰাসকলে এই আনন্দত যোগদান দিয়ে আৰু পিচদিনা জ্বলাবলগীয়া মেজিটোৰো ব্যৱস্থা কৰে৷ ৰাতি ভোজভাত খাই সকলো ঘৰাঘৰি যায় আৰু তেওঁলোকে মেজি ৰখি ভেলাঘৰত ৰাতি কটায়৷ ধল পুৱাতে জে্যষ্ঠজনে মাহপ্ৰসাদ আগবঢ.াই মেজি জ্বলাই আৰু অগ্নিপূজা কৰে৷ সকলোৱে মনৰ ভিতৰত থকা সকলো ভেদভাৱ, ঈৰ্ষা, খং আদি আন্তৰিকতাৰে মেজিৰ জুইত বিসৰ্জন দি সমাজৰ সুখ-শান্তি বিস্তাৰ কৰাৰ প্ৰাৰ্থনা জনায়৷ আধ্যাত্মিকভাৱেৰে পৰিপুষ্ট মাঘবিহু অসমীয়াৰ অতি আদৰৰ বিহু কেইটাৰ এটি তাৎপৰ্য্যপূৰ্ণ বিহু আমাৰ প্ৰতে্যকটো উৎসৱতে আধ্যাত্মিক ভাৱৰ প্ৰাধান্যতা লক্ষ্যণীয়৷
অসমীয়া সমাজত এতিয়াও এই পৰম্পৰা বৰ্ত্তি আছে যদিও তাৰ মহিমা যেন অলপ কমি আহিবলৈ ধৰিছে এনে অনুমান হয়৷ আমাৰ মনত আৰু পৰিবেশত বাহিৰা সংস্কৃতিয়ে পেলোৱা প্ৰভাৱ তাৰ প্ৰধান কাৰণ৷ আমি যেন নিজৰ পৰম্পৰা ৰক্ষা কৰাটো লাজৰ কথা বুলি ভৱা হৈছো৷ অন্য ৰাজ্যৰ যি সংস্কৃতি তাক গ্ৰহণ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰা আজিৰ চামে কলৈ গৈ আছে তাৰ একো উমান নেপায়৷ পৰিবৰ্ত্তন অৱশ্যম্ভামী৷ কিন্তু শিপা লৰিলে গছ উভালি পৰে সেইকথা পাহৰি যাব নেলাগে৷
খেতিৰ প্ৰতি অনিহা এটা স্বভাৱত পৰিণত হৈছে৷ সেয়ে কৃষকৰ সংখ্যা কমি আহিছে৷ কষ্ট কৰি পথাৰৰ পৰা ঘৰ চপোৱাৰ ধান মুঠিতকৈ বিনা কষ্টে পোৱা চৰকাৰে আগবঢে.াৱা বিনামূলীয়া চাউল, বিভিন্ন শিতানত টকা-পইচা, বজাৰৰ পিঠা-পনাৰ ফালেহে বেছিভাগৰ মন আকৰ্ষিত হবলৈ ধৰিছে৷ কৃষি মাটি চন পৰিছে, আধি দিছে, কোনোৱে বিক্ৰী কৰিছে৷ খেতি কৰাৰ খৰছ বঢ.া আৰু Ùণৰ ভয়ো এটা কাৰণ হ’ব পাৰে৷ চৰকাৰেও মানুহক এলেহুৱা কৰা প্ৰথা অৱলম্বন কৰাতকৈ পৰিশ্ৰমী হ’বলৈ সহায় কৰাহেতেন অসমীয়া জাতিটোৰ বেছি উপকাৰ হ’লহেতেন যেন মনে ধৰে৷ সময়োপযোগী উপযুক্ত বুদ্ধি-পৰামৰ্শ, ধনেৰে সহায় লাভ নকৰাটোও নুই কৰিব নোৱাৰি৷ উঠি অহা সন্তান সকলেও অলপ শিক্ষা গ্ৰহণ কৰি সামান্য এটা চাকৰিৰ আশাত নগৰলৈ আৰু বৰ্হিৰাজ্যলৈ ধাৱমান হৈছে৷ এনে ধৰণৰ সামাজিক ছৱিখনে সাময়িকভাৱে হ’লেও মনলৈ কিছুমান চিন্তা আনে৷ ইয়াৰ মাজতে কিছু কিছুৱে পথাৰৰ মোহ এৰি দিয়া নাই৷ যদিও আঙুলিৰ মুৰত লেখিব পৰা তথাপিও তেওঁলোকে ধানৰ লগতে বিভিন্ন পাচলী, ফলমূল বা ফুলৰ খেতিৰ প্ৰতি আকৰ্ষিত হৈছে৷ লাভবানো হৈছে৷ ই এটা ক্ষীণ আশাৰ ৰেঙনী কঢি.য়াই আনে৷ নগৰলৈ চাকৰিৰ লোভত অহা বহুতৰে জীৱন দুৰ্দশাগ্ৰস্ত হৈ পৰে, যি অৱস্থাই তেওঁলোকক আপোনঘাটি হবলৈও কেতিয়াবা বাধ্য কৰায়৷ মূলধনৰ অভাৱত কিছুৱে ইচ্চা থাকিলেও শ্ৰমিকৰ পৰা সৰু-সুৰা উদে্যাগীলৈ উধাব নোৱাৰে৷
সেয়েহে হতাশা, উদাসীনতাই বৰ্ত্তমান সমাজক যেন কোঙা কৰি পেলাইছে৷ ধনী-দুখীয়াৰ প্ৰভেদ বেছি হৈ গৈ আছে৷ নীচাযুক্ত বস্তুৰ ব্যৱহাৰ বাঢি. গৈছে৷ এই বিলাক সামাজিক ব্যাধি৷ এই ভয়ানক অৱস্থাই মানুহৰ মানসিক চাপ বহুতো বৃদ্ধি কৰিছে৷
এই অৱস্থাৰ পৰা মনুষ্য জাতিক অলপ হলেও উদ্ধাৰৰ পথ দেখুৱাব পাৰে ধ্যানে৷ [Meditation] এই চিন্তা বিজ্ঞ লোকৰ৷ ই মানুহক মন, মগজুক সুস্থ কৰি সুস্থিৰ চিন্তা কৰাৰ সুযোগ দিয়ে৷ সেইয়ে আমাক এই কথা সোঁৱৰাই দিবলৈ বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীৰ পৰা ২২ ডিচেম্বৰ ২০২৫ ৰ দিনটো সমগ্ৰ ভাৰততে ধ্যানযোগৰ দিন হিচাপে মানিবলৈ তেখেতসকলৰ সিদ্ধান্ত প্ৰেৰণ কৰিছে৷ ই এক সুন্দৰ পদক্ষেপ৷ সমাজৰ মাজত ধ্যানযোগৰ বিস্তাৰেৰে মানুহক অলপ হলেও সকাহ দিয়াই ইয়াৰ উদ্দেশ্য৷ বিবেকানন্দ কেন্দ্ৰকে ধৰি আন কিছু সংগঠনে সমাজত ধ্যান যোগৰ কাৰণে অহৰহ কাম কৰি আছে৷ কিন্তু বহুল প্ৰচাৰাৰ্থে এই ব্যৱস্থা৷ অতীতত এই ধ্যানস্থ ব্যৱস্থাই Ùষি-মুনি সকলক স্থিৰ মনেৰে আত্মাৰ আৰু মানসিক উৎকৰ্ষ সাধনত সহায় কৰিছিল৷ এই চিন্তাই যদি কিছু লোকক সহায় কৰিব পৰা যায়, সমাজলৈ সুস্থিৰতা আনিব পাৰি ই এক আশা৷ এই সিদ্ধান্তৰ কৃতকাৰ্য্যতা কামনা কৰিলো৷
শেষত আগন্তুক ভোগালী বিহুৰ উদ্যাপনে সমাজলৈ ভাতৃত্বৰ ভাৱ কঢি.য়াই আনক এই প্ৰাৰ্থনা৷ আন্তৰিক শুভইচ্চাৰে সামৰিছো৷ শু

Post a Comment
0 Comments