মৰমৰ অখণ্ডানন্দ,
তোমাৰ চিঠিবোৰ পঢ়ি বৰ ভাল লাগিল। তোমাৰ চিন্তাবোৰ বহুত ডাঙৰ কিন্তু আমাৰ দেশৰ সাংগঠনিক সামর্থ্য একেবাৰে নাই। এই অভাৱটোৱে সকলো ধৰণৰ অমংগলৰ জন্ম দি আছে। যি কোনো বিষয়ত এটা উমৈহতীয়া উদ্দেশ্য গঢ়ি তোলাৰ ক্ষেত্ৰত আমি সম্পূর্ণ বিৰোধিতা কৰোঁ। সংগঠন এটাৰ বাবে পোনপ্ৰথমতে দৰকাৰ আনুগত্য। যেতিয়া বৰ ইচ্ছা হয়, তেতিয়া অলপ কাম কৰিলোঁ। তাৰ পিছত কামটো জাপি দিওঁ গেবেৰাসকলৰ ওপৰত। এই ধৰণৰ কামত একো লাভ নাই। আমি অতি অৱশ্যেই ধৈর্য আৰু উদ্যোগৰ বাবে কষ্ট কৰিব লাগিব। নিয়মীয়াকৈ চিঠি পঠাই থাকিবা। মই ক'ব খুজিছোঁ, মোলৈ মাহে নহ'লেও মাহত দুবাৰকৈ চিঠি পঠাবা বুলি থিৰাং কৰি লোৱাঁ। তুমি কি কাম কৰি আছা, তাৰ পৰা কি ফলাফল পাই আছা সকলো কথা লিখি পঠাবা। ইয়াত (ইংলেণ্ডত) আমাক ইংৰাজী আৰু সংস্কৃতত পাকৈত এজন সন্ন্যাসী লাগে। মই শীঘ্রেই আকৌ আমেৰিকালৈ যাম। তেতিয়া সেইজন সন্ন্যাসীয়ে মই নথকা অৱস্থাত ইয়াত কাম কৰিব লাগিব। শৰৎ আৰু শশীৰ বাহিৰে মই আৰু কাকো উপযুক্ত বুলি ভবা নাই। মই শৰতলৈ টকা পঠিয়াইছোঁ আৰু লিখিছোঁ যে এতিয়াই যেন সি বাওনা দিয়ে।

মই ৰাজাজীক অনুৰোধ কৰিছোঁ যে তেখেতৰ বম্বেৰ প্ৰতিনিধিয়ে যেন শৰতক জাহাজত উঠি যাত্ৰা কৰাৰ ক্ষেত্ৰত সহায় কৰে। মই লিখিবলৈ পাহৰিছোঁ, কিন্তু তুমি কষ্ট কৰি এটা কাম কৰিবা, অনুগ্রহ কৰি শশীৰ হতুৱাই এবস্তা মণ্ড দাইল, বুট আৰু বহৰ দাইল পঠোৱাবা। আৰু মেথি বোলা মছলা অলপ পঠাবা। অনুগ্রহ কৰি পণ্ডিত নাৰায়ণ দাস, শ্রীযুত শংকৰ লাল, ওঝাজী, ডাক্তৰ আৰু সকলোকে মোৰ মৰম জনাবা। তুমি ভাবিছা নেকি ইয়াত গোপীৰ চকুৰ দৰৱ পাবা বুলি? ইয়াত সকলো ঠাইত কেবল পেটেন্ট থকা দৰৱ পাবা। সেইবোৰ হ'ল মাথোঁ প্ৰতাৰণা। অনুগ্রহ কৰি তাক আৰু আন সকলক মোৰ আশীর্বাদ জনাবা। যজ্ঞেশ্ববে বিশেষ এখন সমাজ গঢ়ি তুলিছে মীৰাটত, এতিয়া সি আমাৰ লগত লগ লাগি কাম কৰিব বিচাৰে। যি হওক, সি বিশেষ এখন কাকতো উলিয়াইছে। কালীক তালৈ পঠোৱা আৰু তাত মীৰাট কেন্দ্র আবম্ভ কৰিবলৈ দিয়া। পাৰিলে তাক সেই কাকতখন হিন্দীত উলিয়াবলৈ দিয়া। মই কেতিয়াবা কেতিয়াবা অলপ সহায় কৰিম। কালী মীৰাটলৈ গ'লে মই অলপ টকা পঠাম। কামবোৰ কি অৱস্থাত আছে তাৰ সঠিক খতিয়ান পঠাবা। আজমেৰত কেন্দ্র এটা আৰম্ভ কৰা ।.. পণ্ডিত অগ্নিহোত্রীয়ে কিবা এখন সমাজ আৰম্ভ কৰিছে চাহাবাণপুৰত। তেখেতসকলে মোলৈ এখন চিঠি পঠিয়াইছে। তেখেতসকলৰ লগত চিঠিৰ আদান-প্রদান কৰি থাকিবা। সকলোৰে লগত বন্ধুত্বপূর্ণ সম্পর্ক বাখি চলিবা। কাম কৰা। কাম কৰা। এনেকুৱাকৈ বিভিন্ন কেন্দ্র স্থাপন কৰি যোৱা। ইতিমধ্যে কলকাতা আৰু মাদ্রাজত আমাৰ কেন্দ্র স্থাপিত হৈছে। এতিয়া মীৰাট আৰু আজমেৰত কেন্দ্ৰ খুলিব পাৰিলে বৰ ভাল হয়। বিভিন্ন ঠাইত তেনে ধৰণৰ কেন্দ্র স্থাপন কৰাৰ কামত লাহে লাহে আগবাঢ়া। ইয়ালৈ চিঠি আদি পঠিয়াবলৈ হ'লে এই ঠিকনাত পঠাবা- প্রযত্ন স্টার্ডি, এস্ক্যুয়াব, হাই ভিউ, কেভাবছাম, পঢ়া হয়, ইংলেণ্ড। আৰু আমেৰিকাত চিঠি পঠাবা এই ঠিকনাত- প্রযত্ন শ্রীযুতা ফিলিন্স, ১৯ ডব্লিউ ৩৮ স্ট্রীট, নিউ ইয়র্ক। লাহে লাহে আমি সকলোৱে গোটেই বিশ্বত বিয়পি পৰিব লাগিব। পোনপ্ৰথমতে দৰকাৰ হ'ব আনুগত্য। অগ্নিত নিঃসংকোচে জাঁপ মাৰিবলৈ প্রস্তুত থাকিব লাগিব। তেতিয়া হে কাম হ'ব।.. তেনে ধৰণৰ সাজ গঢ়ি তোলা বাজপুতানাৰ বিভিন্ন গাঁৱত। তাত তুমি এটা ইংগিত পাবা।
Post a Comment
0 Comments