ৰঙালী বিহু সংখ্যা, এপ্ৰিল ২০২৪
অসহিষ্ণুতা -ড° ইন্দিৰা বৰঠাকুৰ
'চতে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা......' চাওতে চাওতে চ'ত পাৰহৈ বহাগ পালেহি। কুলি কেতেকীৰ মাতে, প্রকৃতিৰ সুন্দৰ পৰিবেশে, তাতশালৰ খট্টনিয়ে ঢুলীয়া, খুলীয়া, নাচনী সমন্বিতে সৰ্ব্ব সাধাৰণ ৰাইজৰ মনত উণ্ডল-থুগুল লগাইছে। নতুন বছৰত প্ৰকৃতিয়ে বহুতো প্রতিশ্রুতি লৈ আহে। দেশৰ বিভিন্ন ঠাইত এই নতুন বছৰৰ আগমনক বিভিন্ন নিয়মেৰে আদৰণী জনোৱা হয়। অসমত সকলোৱে আনন্দ কৰি ঢোলে-ডগৰে নাচি-বাগি, আধ্যাত্মিক ভাবেৰে নিয়ম-নীতি পালন কৰি নতুন বছৰক স্বাগতম জনায়। বিভিন্নতাৰ মাজত ঐকতা - বিহুৰ বৈশিষ্ট্য। এই ঐক্যতা চিৰস্থায়ী হোৱাটো সকলোবে বিচাৰে। সকলো অনুষ্ঠান যাতে বাধা বিঘিনি নঘটাকৈ হয় সেইটো সকলোৰে কাম্য। কিন্তু হয় জানো? এই প্রসঙ্গতে সমাজত বৃদ্ধি পোৱা এক সামাজিক দুৰাৰোগ্য ব্যাধিৰ বিষয়ে আলোচনা কৰিবলৈ মন গ'ল।
বৰ্ত্তমান সমাজত এই মাৰাত্মক ৰোগে বৰ বেয়াকৈ শিপাবলৈ ধৰিছে। এই ব্যাধিৰ পৰিধি বেচিকৈ বাঢ়িবলৈ হ'লে সমাজ পাতি বসবাস কৰাটো এক কঠিন সমস্যাতষে পৰিণত হব সি ধুৰুপ। কিছুমান ৰোগে মানুহৰ শৰীৰত অৱস্থান কৰি মানুহজনক যেনেকৈ মৃত্যুৰ মুখলৈ আগবঢ়াই লৈ যায় সেইদৰে এই ব্যাধিয়েও এখন সুস্থ সমাজক ধ্বংসৰ মুখলৈ লৈ যায়। এবাৰ শিপালে তাক উঘালি শেষ কৰা টান। এইবিধ বেমাৰ হ'ল সমাজত বাসকৰা লোকৰ কিছুসংখ্যক লোকৰ ক্ষেত্ৰত দেখা দিয়া অসহিষ্ণুতা। ল'ৰা, বুঢ়া, ডেকা যি কোনো ব্যক্তিৰ গাতে এই বেমাৰে বাঁহ লব পাৰে। এনে লোকৰ সংখ্যা বৃদ্ধিয়ে সমাজলৈ বিপর্যয় অনাটো স্বাভাবিক।
সহনশীলতা মানুহৰ এটা অতি আৱশ্যকীয় গুণ। ইজনে সিজনৰ কটিহা সহ্য কৰিব নোৱাৰা হৈ যি পৰিস্থিতিৰ সৃষ্টি কৰে সিয়ে হ'ল অসহিষ্ণুতা। সৰু ল'ৰাছোৱালীৰ পৰা ডাঙৰলৈ আনকি বহুবন্ধি নেতা সকলৰ মাজতো এই ৰোগ বিয়পা দেখা যায়। আনৰ কথা শুনিবলৈ কাৰো ধৈৰ্য্য নাই; চালি জাবি চাই যুক্তি প্রদর্শনৰ বাবেও মনৰ প্রস্তুতি নাই। সেয়েহে সহপাঠিক আঘাত কৰা, আনকি বধ কৰিবলৈও কুণ্ঠাবোধ নকৰা হৈছে আজিৰ প্ৰজন্ম। মাটি-বাৰীলৈ, টকা-পইচা লৈ ইজনে সিজনক হত্যা কৰাটো অতি সহজ হৈ পৰা দেখা গৈছে। পতি পত্নীৰ মাজতো ভাবিব নোৱাৰা ঘটনা ঘটিব ধৰিছে। আনকি সৰু পর্দাটো দেখা পোৱা যায় যে দেশব দৰ্কাৰী বিষয় আলোচন কৰিবলৈ বহা গুণী-জ্ঞানী বুলি পৰিচিত নেতাসকলৰ ইজনে সিজনৰ বক্তব্যখিনি ধৈৰ্য্যৰে শুনাৰ গুণখিনি নাই। শেষত চিঞৰ-বাখৰত অতিষ্ঠ হৈ, অতি আগ্ৰহেৰে শুনিবলৈ টিভিৰ আগত বহা লোক সকলে চেনেল সলনি কৰিবলৈ বাধ্য হয়। এই বিলাক সমাজৰ কাৰণে ভাল লক্ষণ নহয়। ইজনে সিজনৰ লগত ভালকৈ পৰামৰ্শ কৰি বা জ্যেষ্ঠ জনৰ পৰা উপদেশ লৈ জটিল সমস্যা সমাধান কৰাতকৈ মনটোৱে ক্ষন্তেকতে লোৱা সিদ্ধান্ত মানি বল প্রয়োগ বা তাতকৈও সাংঘাটিক কাম কৰি পেলায়।
সমালোচনা পৰামৰ্শ আদিয়ে মানুহৰ উৎকৰ্ষ সাধনত সহায় কৰে। এই কথা চিৰসত্য। যি সকলে সমাজত মনিষীৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে সেইসকলৰ জীৱনৰ পৰা এনে উদাহৰণ পোৱা যায়। স্বামী বিবেকানন্দইও জীবনত নিন্দা, সমালোচনাৰ সন্মুখীন হবলগীয়া হৈছিল। কিন্তু নিজৰ সহনশীলতা, ধৈর্য্য আৰু নিজৰ উদ্দেশ্যত অটল হৈ থাকি নিজৰ উৎকৰ্ষ সাধন কৰি বিশ্বত নমস্য ব্যক্তি হৈ জিলিকিব পাৰিছিল। সেইদৰে অসমৰ মহাপুৰুষ শ্রীশ্রীশঙ্কৰদেৱৰ জীৱনী অধ্যয়নে আমাক দেখুৱাই কেনেদৰে নিন্দা, সমালোচনা, ভয়-ভীতিত কোনো প্রতিক্রিয়া প্রকাশ নকৰাকৈ জীৱনৰ জটিল সমস্যা নিজৰ সহনশীলতা গুণৰ দ্বাৰা অতিক্রমী সমাজৰ কাম কৰিবলৈ দৃঢ় মনেৰে আগবাঢ়িছিল আৰু মৰিব ধৰা অসমীয়া সমাজক তুলি ধৰিবলৈ সক্ষম হৈছিল। "A successful man is one who can lay a firm founda-tion with the bricks that others throw at him". (Swami Chinmayananda)
এনে উদাহৰণ আৰু বহুতো আছে। আজিও তেনে মানুহ সমাজত আছে যিয়ে নেকি সমাজখনক স্থিৰ কৰি ৰখাত সহায়ক হৈ আছে। কোনো বোগাক্রান্ত লোকক ঔষধ দি আৰোগ্য কৰিবলৈ যত্ন কৰিব পাৰি কিন্তু সমাজত প্ৰসাৰিত হোৱা এই ৰোগ সহজতে নিৰাময় কৰা সম্ভব নহয়। সহনশীলতাৰে বহুতো উত্তেজনাপূর্ণ পৰিস্থিতি নিষ্ক্রীয় কৰা যায়। কাৰণ এখন তাল অকলে নেবাজে বা বাজিব নোৱাৰে। ইয়াৰ কাৰণে বহুতো চিন্তা চর্চ্চাৰ আৱশ্যক। সঁচা অর্থত গুণী-জ্ঞানী সমাজক ভাল পোৱা, হিতচিন্তা কৰা লোকেহে এই বেমাৰৰ চিকিৎসা আগবঢ়াই নিব পাৰিব। আইন প্রনয়ণ বা ভয় আদি ইয়াৰ ঔষধ নহয়। এই ক্ষেত্রত সমাজতে বসবাস কৰা লোকৰ প্রচেষ্টা প্রয়োজনীয়। এজন চিকিৎসকে ৰোগ নিৰাময় কৰিবলৈ যেনেধৰণেৰে প্ৰয়াস কৰে সেইদৰে নিষ্ঠা সহকাৰে কাম কৰিব লাগিব। ডালপাত মেলি ডাঙৰ হৈ পোকেধৰা ফলৰ গৰাকী হোৱাৰ আগতে যদি সৰু পুলিৰ পৰা যত্ন কৰা যায় তেনেহ'লে সেইজোপা গছে নিশ্চয়কৈ সময়ত সুন্দৰ নিৰোগী ফল দিবলৈ সক্ষম হব। এই কথা এখন সমাজৰ ব্যক্তি সকলৰ ক্ষেত্ৰটো প্রযোজ্য। আজিৰ দিনত বিবেকানন্দ কেন্দ্রকে ধৰি বহুতো অনুস্থান প্রতিস্থানে এনে প্রয়াস অবিৰত ভাবে কৰি আহিছে। কিন্তু ই পর্যাপ্ত নহয়।
শেষত সকলোৰে আশাৰ আগন্তুক আনন্দ উৎসৱত যাতে কোনো বাধা বিঘিনীয়ে দেখা নিদিয়ে তাৰে কামনাৰে আৰু সকলো অসমবাসীলৈ বিহুৰ ওলগেৰে সামৰিছো।
Post a Comment
0 Comments