গুৰুপূর্ণিমা সংখ্যা, জুলাই ২০২৩
অসহায় মাতৃ - ধৰিত্ৰী
ড০ ইন্দিৰা বৰঠাকুৰ
মাতৃ মানেই সদায়েই দয়াশীলা, সহানুভুতিশীলা, মমতাময়ী, অশেষ ধৈৰ্য্যৰ অধিকাৰিণী - লগতে মহিমাময়ী মূর্ত্তি। সন্তানৰ সুখ-শান্তির কারণে অহবহ চিন্তিত, একে সময়তে যেনেকৈ সুকোমল হৃদয়ৰ গৰাকী তেনেকৈ সময় বিশেষে মাতৃৰ হৃদয় আতি কঠিনো হয়। ত্যাগৰ অপৰিসীম ৰূপে মাতৃক সদায়ে মহিমামণ্ডিত কবি আহিছে। ধৰিত্ৰী আমাৰ সকলোৰে মাতৃ। সন্তানৰ আৱশ্যক অনুযায়ী হিয়া উবুবিয়াই সম্পদ দিছে প্রকৃতিয়ে। কিন্তু আশ্চর্য্য জনক ভাবে সেই সম্পদৰ উচিত মূল্যাঙ্কণ বা উচিত ব্যৱহাৰ হোৱা দেখা নাযায়। লালসাৰ দ্বাৰা প্রতি পালিত এচাম জীরশ্রেষ্ঠ মানৱৰ দস্যু ৰূপে প্রকৃতিৰ ওপৰত হাতোৰাৰ কোব পেলাইছে। যি কোনো উপায়েৰে নিজস্ব সম্পদ আহৰণেই যেন এনে লোকৰ একমাত্র চিন্তা। প্রকৃতিৰ ওপৰত যি ধ্বংসলীলা চলি আছে তাক কধিবলৈ প্রকৃতি অপাৰগ। বিশ্বত হোৱা জনবিস্ফোৰণে ইয়াত অৰিহণা যোগাইছে। মাজে মাজে হবলৈ ধৰা প্ৰকৃতিৰ কদ্রমুর্ত্তিয়েও মানর নামৰ দস্যু চামক সজাগ কৰি তুলিব পৰা নাই। প্রকৃতিৰ ওপৰত চলা ধ্বংস যজ্ঞৰ পৰিণতিৰ বিষয়ে কাৰো ভাবিবলৈ যেন অরকাশ নাই। মাজে মাজে অহা অনুস্থান, প্রতিস্থানৰ সাময়িক আহ্বানো ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে। সেই আহ্বানলৈ কাৰো ভ্রুক্ষেপ নাই। যাৰ ফলত বায়ু, পানী সকলোবোৰ দুষিত হৈছে, অক্সিজেনৰ অভাৱ অনুভৱ হৈছে। ভূ-গৰ্ভৰ পানী শুকাই আহিছে। যিদিনা আমি বুজি উঠিম সেইদিনা হয়তো বহুত পলম হৈ যাব। উত্তপ্ত গৰম সহ্য কৰিব নোৱাৰি মানুহ মৰিছে, বৰফ গলিবলৈ আৰম্ভ কৰিছে, মানুহে এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিব লগীয়া হৈছে, খেতি পথাৰ শুকাই গৈছে নতুবা পানীৰে বুৰ গৈছে। এনে অবস্থাত মানুহ নিরুপায় হৈ পৰিছে কিন্তু সজাগ হোৱা নাই। যি সময়ত গছ-গছনিৰ অতিকৈ আৱশ্যক হৈছে সেই সময়ত গছ-গছনি কাটি পাহাৰ লঠঙা কৰিছে। আমাক কেরল লাগে। প্রকৃতি নিঃসহায়, আমি বুজি পোৱা নাইযে গছ অবিহনে পৃথিৱীত কোনো প্রাণীয়েই জীয়াই থকাটো সম্ভৱ নহয়।
১৭ আহাৰ ৩ জুলাই তাৰিখে গুৰু পূর্ণিমা তিথি গুৰুৰ চৰণত সশ্রদ্ধ প্রণাম জনাই আশীর্বাদ লোৱা দিন। আহকচোন এই সুযোগতে অলপ ভাবি চাও আমি যাক গুৰুবুলি মানো তেখেত সকলৰ এই বিষয়ত কিবা অবদান আশা কৰিব পাৰোহঁক নেকি। পৰিৱৰ্ত্তিত সমাজ ব্যৱস্থাত গুৰুৰ ব্যাখ্যা বা শুকৰ মহান কৰ্ম্ম ব্যৱস্থা নিশ্চয়কৈ বহুতো সলনি হৈছে। জন মানসতো ইয়াৰ বহুতো পৰিবৰ্ত্তন হৈছে। কিন্তু সকলোপিনৰ পৰা লক্ষ্য কৰিলে দেখা পাওঁ যে গুৰুৰ পৰম্পৰাগত কর্ত্তব্য বা পাৰিপার্শ্বিকতাৰ বহুতো সলনি হ'লেও শিষ্যৰ কাৰণে গুরুব মহান আদর্শ এতিয়াও মহৎ আৰু অতীব প্রয়োজনীয়। জীবনত আগুৱাই যাবলৈ গুৰুৰ সজ উপদেশৰ আৱশ্যকতা আমি কেতিয়াও নুই কৰিব নোৱাৰো।
শিশুরে জন্ম লোৱাৰ সময়ত একো কথা শিকি নাহে। তেওঁলোকৰ মন-কাগজ একেবাৰে উদং বা উকা হৈ থকে। সময়ৰ লগে লগে পাৰিপার্শ্বিক অৱস্থাই নানান অভিজ্ঞতাই সেই কাগজখিলা পৰিপূৰ্ণ কৰি আনে। শিশুব মনত প্রথমে পিতৃ-মাতৃৰ জীৱন শৈলী, আচৰণ আৰু চলন ফুৰনে কব নোৱাৰাকৈ আঁচোৰ পেলায়। সেই আঁচোৰৰ লক্ষণ তেওঁলোকৰ পৰৱর্তী জীৱনত প্রতিফলনো হয়। ইয়াৰ পাছতে শিশুরে গ্রহণ কৰে প্রকৃত গুৰুৰ শিক্ষা। সেই গুৰব শিক্ষাই কিন্তু শিশু মনত আগতে অলক্ষিতে বা অজানিতে পোৱা শিক্ষাতকৈ বেছি গভীৰ আঁচোৰ পেলায়। শিক্ষাগুক হৈ পৰে শিশু সকলৰ কাৰণে একো একোজন মহত্বপূর্ণ ব্যক্তি। গুৰুৰ একো-একোটা উক্তি, একো একোটা আচৰণ বিধি তেওঁলোকৰ মনত শিলব বেখাব দবে হৈ পৰে। সেয়ে কোরা হয় "গুক চাই শিষ্য"। প্রকৃতিৰ এই অৱস্থাৰ পৰিৱর্তন অনাত, অসহায় অৱস্থা লাঘর কৰাত গুৰু সকল নিশ্চয় সহায়ক হব পাৰে। প্রকৃতিপ্রেমী শিক্ষক সকলে প্রকৃতিৰ অৱদান আৰু প্রকৃতিক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কাৰণে শিশু সকলক আকৃষ্ট কৰিব পাৰিব। যদিও সময়ৰ পৰিবৰ্ত্তন হৈছে তথাপি গুরুব প্রাসঙ্গিকতা আজিব সমাজতো অক্ষুন্ন আছে। মাত্র তেখেতসকল নিজৰ কৰ্ত্তব্যৰ প্ৰতি কিমান নিষ্ঠাবান সেইটোহে ডাঙৰ প্রশ্ন। ভৱিষ্যতে শিশুসকলক একোজন সজাগ, নিষ্ঠাবান কর্ত্তব্যপৰায়ণ কৰি তোলা আমাৰ সকলোৰে কৰ্ত্তব্য, এই কথা পাহৰিলে নহ'ব। উঠি অহা প্রজন্মক স্বাস্থ্যসম্মত ভাবে জীয়াই থকাৰ অৱকাশ আমি দি যাব লাগিব এই ক্ষেত্রত প্রত্যেকজন সুবিবেচক, নিষ্ঠাবান নাগৰিকৰ কৰিবলগীয়া বহুতো আছে। সেয়ে এই লিখনিৰ জড়িয়তে প্রত্যেকজন সজাগ নাগৰিকক সবিনয়ে আহ্বান কৰো আহক প্রকৃতিৰ এই দুর্যোগ আঁতৰ কৰাত আমি সকলোরে যেনেকৈ পাবো তেনেকৈয়ে হাত মিলাও। পিছৰ প্ৰজন্মক এটা ভয়াবহ ভৱিষ্যতৰ পৰা বক্ষা কৰাৰ পৰিকল্পনা আৰু লগতে প্রতিজ্ঞাবদ্ধ হওঁহক।
সকলোলৈকে গুৰুপূর্ণিমাৰ পবিত্র তিথিত মোব আন্তৰিক শুভেচ্ছা জনাই সামৰিছো।
×