মাঘ বিহু সংখ্যা, জানুৱাৰী ২০২৫

আধুনিক ৰাষ্ট্ৰ নিৰ্মাতা নৱপ্ৰজন্ম -ড° ইন্দিৰা বৰঠাকুৰ

ভৱিষ্যতৰ ধৰণী আজিৰ উঠি অহা যুৱক-যুৱতী সকলেই। ই চিৰসত্য। এখন ঘৰৰ উন্নতি যেনেকৈ ক্রমান্বয়ে ডাঙৰহৈ অহা সন্তানৰ পৰা আশা কৰা যাই সেইদৰেই এখন সমাজ, এখন দেশৰ সকলো দিশৰ উন্নতি এই যুৱ প্ৰজন্মৰ পৰাই সকলোৱে আশা কৰে। যুগে যুগে এই কথা প্রতিপন্ন হৈ আহিছে। উঠি অহা প্ৰজন্মক সকলো পিনৰ পৰা দক্ষ কৰি তোলা আমাৰ প্ৰধান কৰ্ত্তব্য, দায়িত্ব। স্বামী বিবেকানন্দই কৈছিল- "তেজোদীপ্ত যুৱক সকলৰ অন্তৰত অন্তর্নিহিত শক্তিক জগাই তুলিবলৈ চেষ্টা কৰা। এই প্রচেষ্টাই যি অনুস্থানেই হওঁক তাৰ পৰিসৰ বৃদ্ধি কৰিব”।


প্রথমে এখন সুস্থ ঘৰ তাৰ পাচতে সমাজৰ সুস্থ পৰিৱেশ এই ক্ষেত্ৰত বৰ আৱশ্যক। যিখন ঘৰে শিশুক নির্ভীক, নিস্বার্থ, আত্ম বিশ্বাসী, দেশ প্রেমিক, আৰ্তজনৰ প্ৰতি সহানুভূতিশীল হবলৈ আৰু আধ্যাত্মিক ভাৱাপন্ন কৰি উৎকর্ষ, সাধনত জয়ী হবলৈ শিকাই সেইখনেই হ'ল সুস্থ ঘৰ। সমাজত সকলো লোক একে ভাৱাপন্নৰ হোৱাটো আশা কৰা নেযায়। বেয়াই ভালে মিশ্রিত এই ধৰণী। তাৰ মাজতে কিছুসংখ্যক লোকৰ সৎ চৰিত্ৰৰ, নিস্বার্থ প্রেম, লোভহীন সাহসী দক্ষ ব্যক্তিত্বই সমাজক দেশক উজ্জ্বলাই তুলিবলৈ সক্ষম হয়।

পৰিবৰ্ত্তনৰ যুগত লাহে লাহে যুৱ প্ৰজন্মৰো পৰিৱৰ্ত্তন লক্ষণীয়। এই সোঁতত নতুবা ধাৰাত কোনোৱা হয়তো ভুল অপসংস্কৃতিৰ বশ হৈ অধঃপতনে গৈছে আৰু কোনোজনে পৰিবৰ্ত্তনে কঢ়িয়াই অনা সুযোগ-সুবিধা গ্রহণ কৰি নিজকে গঢ় দিবলৈ যত্নপৰ হৈছে। কৃতকাৰ্য্যতাৰ মুখো দেখা পাইছে। ৰাজনীতিৰ পৰা, খেল-ধেমালী, সাংস্কৃতিক দিশ ইত্যাদি সকলোতে পাৰদৰ্শিতা দেখুৱাইছে। আমাৰ অসমো পিচপৰি থকা নাই। অসম সন্তানেও আশা কৰামতে বিশ্বজয় কৰিবলৈ আগুৱাই গৈছে। মহামান্য অম্বিকাগিৰি ৰায় চৌধুৰী, ভূপেন হাজৰিকা দেৱৰ দৰে লোকৰ আহ্বানক যেন লুইতপৰীয়া ডেকা শক্তিয়ে আঁকোৱালী লবলৈ চেষ্টা কৰিছে। অতি আনন্দৰ কথা। কিন্তু আমি সতর্ক হ'ব লাগিব। এজন পাৰদৰ্শী সন্তান যদি দুঃচৰিত্ৰৰ হয় তেওঁৰ পৰা দেশে, সমাজে একো আশা কৰিব নোৱাৰে। বৰঞ্চ তেওঁলোক সমাজৰ কলঙ্কহে হয়। সেয়েহে পৰিবৰ্ত্তনৰ ভয়াবহ ধাৰাবোৰৰ পৰা তেওঁলোকক বচোৱাৰ গধুৰ দায়িত্ব আমাৰ ওপৰতে। পিতৃ, মাতৃ, শিক্ষক, অভিভাৱক সকলোৰে সৰ্তক দৃষ্টি অতি প্রয়োজনীয়। তোমাযের বিস্তৃত জগতখার পুরাও যাতে তোমাগোহকারীর কর্যত নতুন উঠি অহা মেধাবী প্রজন্ম পৰি দিগভ্ৰষ্ট নহয় তালৈ চকু ৰাখিব লাগিব। এনে অৱস্থাত নিজৰ লক্ষ্য ভ্রষ্ট নোহোৱাকৈ তেওঁলোকক শক্তিশালী কৰি তুলিব লাগিব। আনহাতেদি নিন্দাকাৰী সকলৰ নিন্দাক আওকান কৰাৰ শক্তি থাকিব লাগিব। নিন্দা কৰাটো সমাজৰ কিছুলোকৰ স্বাভাৱিক অভ্যাস। যুৱপ্ৰজন্ম অধঃপতনে যোৱা বুলি কবলৈ সহজ কিন্তু তাৰ বাবে দায়ী কোন সেইটোও চিন্তা কৰা দৰ্কাৰ।

পৰম্পৰাগত কৃষ্টি-সংস্কৃতি আমাৰ সকলোৰে আদৰৰ, হেঁপাহৰ। কিন্তু পৰম্পৰাক খামুচি ধৰি থাকোতে তাৰ যিখিনি কঠোৰতা আছে সেই কঠোৰতাই যাতে আজিৰ প্ৰজন্মক অনুস্থান বিলাকৰ প্ৰতি অনীহা জগাই আতৰাই নিনিয়ে তাৰ প্ৰতিও সাৱধানতা অৱলম্বন কৰিব লাগিব। ঘাইশিপা নলৰোৱাকৈ প্ৰচলিত পৰম্পৰাক অলপ ইফাল-সিফাল কৰি আজিৰ ব্যস্ত পৃথিৱীত সকলোৰে গ্ৰহণযোগ্য কৰিব পাৰি সেইকথা চিন্তা কৰাৰ সময় আহি পৰিছে। আমাৰ প্ৰত্যেকটো উৎসৱ, শ্রাদ্ধ-পার্ব্বনতে আধ্যাত্মিক ভাৱৰ সন্নিবেশ জড়িত হৈ আছে। আধ্যাত্মিক ভাৱধাৰাই মনৰ বেয়া চিন্তাধাৰা বিনষ্ট কৰাৰ লগতে চৰিত্ৰ গঠনতো সহায় কৰে। উঠি অহা প্রজন্মক ইয়াৰ প্ৰতি আকৰ্ষিত কৰা আৱশ্যক।

মাঘবিহু মকৰ সংক্ৰান্তিত অনুস্থিত হয়। ভাৰতৰ প্ৰায় সমগ্ৰ ৰাজ্যতে মকৰ সংক্ৰান্তিৰ দিনটো পুণ্যতিথি বুলি গণ্য কৰে আৰু বিভিন্ন জনে নিজ পৰম্পৰা মতে পালন কৰে। অসমত ভোগালী বা মাঘ বিহু ৰূপে পালন কৰা হয়। বিভিন্ন জনগোষ্ঠীৰ মাজত কিছু তাৰতম্য থাকিলেও তাৰ মূল কথাটো একেই। বহুতো কষ্টেৰে খেতিয়ক সকলে কৰা খেতিৰ অন্তত পথাৰৰ সোণগুটি চপাই ভড়ালত সুমুৱাই। তাৰোপৰি ৰবিশস্য, উদ্যান শস্যৰো পয়োভৰ দেখা যায়। সেই আনন্দতে সকলোৱে মিলি উৰুকাৰ দিনা ভোজভাত খায়। গৃহিনী সকলেও নানা ধৰণৰ পিঠা-পনাৰ আয়োজন কৰে। পিছদিনা মেজি জ্বলাই অগ্নি পূজা কৰে। আগদিনা সজা ভেলাঘৰটো জ্বলাই দিয়া হয়। অগ্নিপূজা কৰি সকলোৱে সমাজৰ কলুষতাক অগ্নিত বিসর্জন দিয়ে। অন্তৰত ভক্তিভাবলৈ ডাঙৰ সৰু সকলো মিলি এই কাম বিলাক সমাপন কৰে। বিহু সার্ব্বজনীন উৎসব। ইয়াতে সকলোৰে মিলন সম্ভৱ হয়। ভেলা ঘৰৰ প্ৰস্তুতিত প্ৰকাশ পাই কলাকৌশলী সকলৰ অন্তর্নিহিত বিচক্ষণতাৰ নিদর্শন।

এইবাৰো সকলোৱে মিলি আনন্দ মনেৰে ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে। বিবেক জাগৃতিৰ মাঘবিহুৰ সংখ্যা যুৱ প্ৰজন্মৰ নামত উৎসর্গিত। তেওঁলোকৰ প্ৰতি আলোচনীৰ মাধ্যমেৰে এটাই আহ্বান নিজৰ সংস্কৃতি, পৰম্পৰাৰ প্ৰতি অনীহা প্রকাশ নকৰি সেই উৎসৱ বিলাকে কঢ়িয়াই লৈ ফুৰা আদৰ্শ আৰু সুন্দৰতাক, মূল্যবোধক আয়ত্ব কৰিবলৈ চেষ্টা কৰা। যি ভৱিষ্যতে আদর্শবান উজ্জ্বল নক্ষত্র গঢ় দিয়াত সহায়ক হব। "প্রথমে মানৱ নিৰ্মাণ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ চেষ্টা অব্যাহত থাকিব লাগিব।
শেষত সকলো অসমবাসীলৈ বিহুৰ ওলগ জনালো।

×

Post a Comment

0 Comments