ৰঙালী বিহু সংখ্যা, এপ্ৰিল ২০২৫
স্ত্রী শিক্ষা
বৰ্ত্তমান স্ত্রী শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা সমাজৰ সকলোৱেই উপলব্ধি কৰিছে। এখন দেশৰ অগ্রগতিত উদ্যোগ, বাণিজ্যকে ধৰি সকলো দিশৰ প্ৰয়োজনীয়তা যিমান বেছি তাতোকৈও প্রয়োজন বুলি ভাবো নাৰী শক্তিৰ অৱদান। অর্থনৈতিকভাবে যিমানেই আগুৱাই যাওঁক লাগে সামাজিক দিশত আধ্যাত্মিক আৰু মূল্যবোধৰ সংযোজন আৰু বিস্তাৰৰ প্ৰাধান্য নুই কৰিব নোৱাৰি।
এখন দেশৰ নতুবা বিশ্বৰে আধা অংশ মহিলা। এখন হাত যিমানেই বলিষ্ঠ বা কৰ্ম্মঠ হওঁক আনখন হাত অকামিলা হৈ থাকি ইখন হাতৰ সহায়ক নহলে কাম বিলাক সুস্থ ভাবে হৈ নুঠে। সমাজৰ পুৰুষ নাৰী সমানে আগবাঢ়ি গ'লেহে প্রকৃত উন্নতিৰ পথ উন্মুক্ত হয়। "তিৰীয়ে পুৰুষে হৈবা একেমতি, তেবেসে লভিবা হৰিত ভকতি”, আজি কেইবাশ বছৰৰ আগতেই মহাপুৰুষ শ্রীশ্রী শঙ্কৰদেৱে আমাক সকিয়াঁই থৈ গৈছে। বিদ্বান লোক সকলে নাৰী শিক্ষাৰ ওপৰত সদায়েই গুৰুত্ব প্রদান কৰিছে। স্বামী বিবেকানন্দই ১৮৯৮ চনতে আয়াৰ লেণ্ডত জন্ম গ্ৰহণ কৰা মার্গাৰেট নবেলক ভাৰতলৈ অহাৰ সন্মতি প্রদান কৰিছিল। শিক্ষয়েত্রী ধর্মপ্রাণা মার্গাৰেটক স্বামীজীৰ ধৰ্ম বিষয়ক আৰু বৌদ্ধিক ভাষণ সমুহে ভালকৈয়ে আকৃষ্ট কৰিছিল। সৰুৰে পৰা সামাজিক কামত নিষ্ঠা আৰু হাবিয়াস থকা মাৰ্গৰেটে ভাৰতৰ দৰে দেশত আহি কিছু কাম কৰাৰ ইচ্ছা প্রকাশ কৰিছিল। স্বামীজীয়ে তাৰ উমান পাই তেওঁক ভাৰতলৈ অনাৰ কথা ভাবিছিল আৰু ভাৰতৰ পিচপৰি থকা মহিলা আৰু যুৱতীসকলৰ উত্থানত মার্গাৰেটে নিশ্চয় সহায় কৰিব পাৰিব বুলি আশা কৰিছিল। সেই ছোৱালীজনীকে শৰণ দি স্বামীজীয়ে নিবেদিতা নাম দিছিল। পিচলৈ তেওঁ ভগিনী নিবেদিতা ৰূপে জনাজাত হৈছিল। স্ত্রী শিক্ষাৰ ক্ষেত্রত নিবেদিতাই মনে প্রাণে, দৃঢ়তাৰে বহুতো কষ্ট সহ্য কৰি যি খিনি কৰিছিল সেই কথা সর্ব্বজন বিদিত।
বৈদিক যুগত নাৰীয়ে স্বতন্ত্র ভাৱে শিক্ষা-দীক্ষা লৈ পুৰুষৰ সমানে সকলো কামতে আনকি বৈদিক চর্চাতো ভাগ লোৱাৰ সুবিধা পাইছিল। কিন্তু বিশ্বযুদ্ধৰ কাৰণেই হওঁক বা মুছলিম শাসনৰ কাৰণেই হওঁক মহিলা সকলক সুবিধাবাদী কিছু পুৰুষে ঘৰৰ আৰ বেৰৰ মাজলৈ টানি আনিলে। অনাৱশ্যকভাবে শিক্ষাকে আদি কৰি আন সমাজৰ বহু স্থানৰ পৰা নাৰীক আতৰাই আনিলে। ফলত মহিলাসকল কেৱল সন্তান জন্ম দিয়া, সন্তানৰ লালন-পালন আৰু ঘৰুৱা কাম কাজতে ব্যস্ত থাকিব লগীয়া হ'ল। উপনিষদৰ কিছু ভুল ব্যাখ্যাইও এই বিষয়ত সহায়ক হৈ পৰিছিল। এটা সময়ত স্ত্রী শিক্ষাই নিজৰ মান্যতা হেৰুৱাই পেলাইছিল।
নিজৰ বা কাৰোবাৰ প্ৰচেষ্টাত যি দুই এগৰাকীয়ে বিদ্যালয় বা ঘৰতে শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ সংখ্যা আঙুলীৰ মুৰত লেখিব পৰা আছিল। প্ৰকৃতিৰ সৃষ্টিৰ আটাইতকৈ শক্তিশালী বহুতো গুণৰ আধাৰ নাৰীশক্তি পুৰুষ প্ৰধান সমাজত অবহেলিত আৰু নিষ্পেষিত হ'বলৈ আৰম্ভ কৰিলে। পশ্চিমীয়া দেশ সমূহতো নাৰীক পুৰুষতকৈ হেয় জ্ঞান কৰিছিল। আচৰিত কথা যে ইউৰোপীয়ান দেশতো মহিলাই ভোটৰ অধিকাৰ পাবলৈ আন্দোলন কৰিবলগীয়া হৈছিল আৰু ভাৰতৰ মহিলাতকৈ সেই অধিকাৰ পিচতহে প্রাপ্য হৈছিল। এনে ব্যৱস্থাই মহিলা সকলৰ মানসিক স্বাস্থ্য একেবাৰে ভাঙি পেলাইছিল। তাৰ মাজতে সমাজত কিছু নাৰীয়ে পঢ়াশালী শিক্ষা নোপোৱাকৈয়ে ঘৰ বা সমাজত নিজৰ বিচক্ষণতাৰ পৰিচয় দিছিল। বহুতো ৰজা-মহাৰজাও মহিলাৰ সুপৰামৰ্শ গ্রহণ কৰি উপকৃত হৈছিল।
ইয়াৰ মাজতে অসমত অলপ হ'লেও এখন বেলেগ চিত্র দেখা যায়। যদিও বহুতো নাৰী পুৰুষৰ দ্বাৰা প্ৰণয়ন কৰা নিয়মৰ বলী হৈছিল তাৰ মাজতে তেওঁলোকৰ স্বতন্ত্ৰতাৰ উদাহৰণ দেখুৱাইছিল। আহোম সকলৰ ৰাজত্বৰ দিনত মহিলা সকলৰ কাৰণে সমান অধিকাৰ আছিল। ফুলেশ্বৰী কুঁৱৰী, মূলা গাভৰু আদি এনে উদাহৰণ। তাৰ পাচতো মহিলা সকল ইমান পৰাধীন নাছিল। তেওঁলোকক পণ্যবস্তুৰ দৰে গণ্য কৰা নহৈছিল। জনজাতীয় মহিলা সকলো বহুত ধৰণেৰে স্বতন্ত্র আছিল। বহিৰাগতৰ সোঁতেহে সমাজ সলনি কৰাত অৰিহণা যোগালে। "দহেজ" আদি প্ৰথাৰ প্রচলনে সমাজত কেতিয়াও নোহোৱা নোপোজা কথা কিছুমান ঘটাব ধৰিলে।
আজিও সমাজত ল'ৰা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত যেনেদৰে যত্ন লয়, ছোৱালীৰ ক্ষেত্ৰত, কিছু কিছু লোকৰ বাহিৰে, তেনে চিন্তা কৰা দেখা নেযায়। ল'ৰা-ছোৱালীৰ ব্যৱধান পাহৰি সমভার পোষন কৰাত বর্তমান সমাজখনো সম্পূর্ণ উদাৰ হ'ব পৰা নাই। আফগানীস্থানৰ দৰে দেশত এতিয়াৰ দিনটো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিছে। যি যুগত সকলো ক্ষেত্রতে মহিলা, যুবতী সকলে কোনো ক্ষেত্ৰত পুৰুষকো চেৰ পেলাই নিজৰ পাৰদৰ্শিতা দেখুৱাইছে তেনেস্থলতো নাৰীৰ গুণৰ স্বীকৃতি দিব নোখোজে। আজিও চৰকাৰে পদক্ষেপ লবলগীয়া হৈছে নাৰী নিৰাপত্তাৰ বিষয়ত। এতিয়াও শ্ল'গান দিব লগীয়া হয় 'বেটী বচাও, বেটী পঢ়াও' বুলি। এখন সমাজক এখন দেশক সংস্কাৰিত কৰি তোলাত নাৰীশক্তিৰ অবিহনে সম্ভৱ নহয়। এগৰাকী শিক্ষিতা সংস্কাৰপূৰ্ণ গৃহিণীয়ে যি দৰে ঘৰৰ সকলোৰে মাজত সম্মান, মৰম আদি সৃষ্টি কৰিব পাৰে আনে নোৱাৰে। সহৃদয়তাই মানুহৰ মনৰ হিংসা, দ্বেষ, প্রতিহিংসাৰ ভাবৰ বিলোপ ঘটায়। এটা সুস্থ বাতাবৰণৰ সৃষ্টি কৰে। ই ক্রমান্বয়ে সমাজলৈ, দেশলৈ বিয়পি পৰি দেশৰ পৰিবেশ সুস্থ কৰি তুলিব পাৰে যিটো বৰ্ত্তমান অতীব আৱশ্যকীয় হৈ পৰিছে। দুয়োখন হাত সমানে সবল কৰিব লাগিব। এই প্রচেষ্টা কেবল চৰকাৰৰ দ্বাৰা নহয়, পুৰুষ সকলেও আন্তৰিকতাৰে ঈর্ষাভাব এৰি এই বিপ্লবত যোগদান দিব লাগিব।
ইয়াৰ লগতে কব লাগিব যে নাৰী-ধর্ম (কর্ত্তব্য) সকলোতকৈ পবিত্র আৰু প্রয়োজনীয়। সৃষ্টিকৰ্ত্তাই নাৰীক ধৈর্য্যশীলা, সহনশীলা, ত্যাগী, মমতাময়ী আদিকে ধৰি সকলো গুণৰ অধিকাৰী কৰি সৃজন কৰিছে। এই গুণ সমূহ সমানে পুৰুষ সকলৰ নাই। এগৰাকী নাৰী অর্থাৎ মাতৃ এই সকলো গুণৰে অধিকাৰী পবিত্র অন্তৰেৰে এই ধর্ম পালন কৰা নাৰীৰ দায়িত্বৰ ভিতৰত পৰে। তেওঁলোক শাৰীৰিক ভাবে পুৰুষতকৈ কম শক্তিৰ হব পাৰে কিন্তু নাৰী অবলা নহয়। যেনেকৈ মমতাময়ী তেনেকৈ সময় সাপেক্ষে নাৰী ৰুদ্ৰমুৰ্ত্তী ধৰি মহাশক্তি স্বরূপা হব পাৰে। কেৱল পঢ়াশালীৰ বিদ্যা অর্জন কৰিয়েই তেওঁলোক সমাজৰ কঠোৰ কবলৰ পৰা মুক্ত হব নোৱাৰে। মনত সদায় ৰাখিব লাগিব যে নাৰী লগতে এগৰাকী মাতৃ। সন্তানৰ প্রথম গুরু। দায়িত্ব বহুত, কেৱল ঘৰতে নহয়, সমাজ আৰু দেশৰ প্ৰতিও। নাৰী এগৰাকীৰ প্ৰকৃততে যি দায়িত্ব সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি যি ৰমণীয়ে বাহিৰত নতুবা ভিতৰত নিজৰ সামৰ্থ প্রকট কৰিব লাগিব সেই নাৰীক কোনেও বশীভূত, নিষ্পেষিত কৰি ৰাখিব নোৱাৰে। নিজৰ গুণ গৰিমাৰে সকলোৰে পৰা সম্মান আজুৰি আনিব লাগিব। সম্মানে কবনোৱাৰাকৈয়ে সমাজত নাৰীক যুক্ত কৰিব। প্রাপ্য আসন দখলত আহিব। আন্দোলন বা আন কাৰ্য্যই সেই কাম কৰিব। নোৱাৰে। পুৰুষ মহিলাৰ ইজনৰ সিজনৰ প্ৰতি থকা সন্মানেহে দুয়োকো সমতুল্য কৰিব পাৰিব। ই সমূহীয়া প্রচেষ্টা হ'ব লাগিব, গাইগুটীয়া নহয়। সমুহনাৰীৰ অভ্যুত্থানৰ আশাৰে সামৰিলো। শিক্ষাই সমাজৰ কলুষতা নাশ কৰক।
শেষত অসমবাসী সকলোটিলৈকে নতুন বছৰ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ
×
Post a Comment
0 Comments