গুৰু পূর্ণিমা সংখ্যা, জুলাই ২০২৫

মৰীচিকা খেদি দৌৰ - ড° ইন্দিৰা বৰঠাকুৰ

হয়, সকলো দৌৰিছে। আগ পিচ নোচোৱাকৈ মাত্র দৌৰিছে। ইজনক দেখি সিজনে দৌৰিছে, ঢপলিয়াইছে। কিন্তু কিয়? তাৰ উত্তৰ নাই তেওঁলোকৰ হাতত। নেজানে কিহৰ পিচত, কিহৰ আশাত দৌৰিছে, সমাজৰ নিয়ম নীতি উলংঘা কবি, প্রকৃতিৰ নিয়ম উলাই কৰি মাথো আগুৱাই গৈছে। ফলত পাহৰি গৈছে সমাজ, পৰিয়ালৰ বন্ধন, ককাই-ভাই, পিতৃ-মাতৃ, স্বামী-স্ত্রী, সন্তান সকলো। কি বিচাৰিছে নেজানিলেও এটা সত্য যে আৰু কিবা লাগে। তাৰ বাবে জীৱনবোধ, মূল্যবোধ, সকলো হেৰুৱাইছো। এই সকলৰ মাজত ৰাজনীতিবিদকে ধৰি সমাজৰ সকলো স্তৰৰ, সকলো দিশৰ মানুহ সন্নিবিষ্ট হৈ আছে। পাহৰি গৈছে, মৰম-স্নেহ, শালীনতা, ভক্তি, নিজৰ দায়িত্ব, কৰ্ত্তব্য। মানৱতাৰ ই চৰম অৱক্ষয়। আৰু এই সকলোবোৰৰ নীৰৱ দৰ্শক নিষ্পাপ শিশু সকল।

তাৰ মাজতে কোনোজনে শান্ত সমাহিত ভাৱেৰে নিজৰ হিতাহিত জ্ঞানক সাৱটি ধৰি অবিৰাম চেষ্টা অব্যাহত ৰাখিছে সমাজৰ সকলোকে সঁচা বার্তা দিবলৈ।

নীৰৱ দৰ্শক শিশুসকল আজি দিগ্‌ভ্রান্ত। তেওঁলোক নিৰাশ হৈ হতাশাত ভুগিছে। তেওঁলোকে গুৰু, পথ প্রদর্শক বুলি ভবা পিতৃ-মাতৃ, শিক্ষক নতুবা জ্যেষ্ঠজন যে নিজব দায়িত্বৰ প্রতি পিঠি দি প্রতিযোগিতাত নামিছে। সেয়েহে সমাজত মাৰপিট্, হত্যা বাঢ়ি গৈছে। বাটৰ কাঁইট বুলি ভবাজনক নিঃশেষ কৰি বাট মোকলাবলৈ অকনো দ্বিধাবোধ কৰা নাই। হতাশ সন্তান সকলে নিদ্দিষ্ট বাটৰ জীৱনক গঢ় দিয়াত উপায় নেপাই আত্মহত্যাৰ পথ বাচি লৈছে। কোনো মানসিক ৰোগীলৈ ৰূপান্তৰিত হৈছে। এই অনাহত শিশু সকলৰ কি হ'ব?

এসময়ত বিশৃঙ্খল সমাজক নতুনকৈ সজাইছিল একো একোজন প্রকৃত সমাজ চিন্তক গুকবে। স্বামী বিবেকানন্দ, শ্রীশ্রীমন্ত শঙ্কৰদেৱ, স্বামী শঙ্কৰাচাৰ্য্যৰ দৰে দেৱতুল্য লোকে বিভিন্ন সমাজক গঢ় দিছিল, মানুহক সৎপথ দেখুৱাইছিল তেনে অৱতাৰী গুৰু সকলে। সেই সকলে শিশুৰ পৰা ডাঙৰলৈকে জ্ঞানগর্ভ উপদেশ, সমাজ হিতকৰ কামৰ আৰ্হিৰে মানুহৰ অন্তৰআত্মা উজ্জ্বলাই পেলাইছিল। সেয়েহে বৰ্ত্তমান সমাজৰ অধঃপতনৰ সময়ত সুস্থজনে বিচাৰি হাহাকাৰ কৰিছে তেনে এজন গুৰুৰ সান্নিধ্য। উপলব্ধি কৰিছে তেনেলোকৰ আবিৰ্ভাৱৰ আৱশ্যকতা।

প্রকৃতিয়ে আমাক জীয়াই থকাৰ কাৰণে পাৰ্য্যমানে সকলো উপাদান দিছে। পৃথিবীত মানুহকহে কেৱল নিজৰ ইচ্ছা মতে কামকৰাৰ শক্তি প্ৰদান কৰা হৈছে। কিন্তু দ্রুত পৰিবৰ্ত্তনে অনা বস্তুবাদী জগতখনত মানুহ লগাতকৈ অতিৰিক্ত বস্তু আহৰণ কৰাত ব্যস্ত হৈ পৰিছে।

তাৰ ফলত প্ৰকৃতিৰ ৰোষত পৰিবলগীয়াও হৈছে। প্ৰকৃতিৰ ওপৰত চলা ধ্বংস যজ্ঞত যেন প্রকৃতিও অতিষ্ঠ হৈ পৰিছে। কিন্তু আমি একো দেখা নাই নতুবা দেখিও আওকান কৰিছো। মাত্র আৰু লাগে। সেয়েহে ইজনৰ পাছত সিজন দৌৰি আছো, শেষ ক'ত নেজানো।

সকলো শেষ হোৱাৰ আগতে, সমাজ বিধ্বস্ত হোৱাৰ আগতে এই প্রতিযোগিতা বন্ধ হ'ব লাগিব। যেনেদৰেই হওঁক বস্তুনিষ্ঠ সমাজৰ মানৱতাৰ অৱক্ষয় বোধ কৰিবই লাগিব। উঠি অহা প্রজন্মক সঠিক পথৰ সন্ধান দিবই লাগিব। বুজাব লাগিব ধাৱমান জাতিক তেওঁলোকৰ প্রাপ্তি মাত্র এটা শূণ্যহে। বেয়া-ভাল সকলোৰে এটা শেষ থাকে। এই ধাৱমান লোকৰ মৰিচিকা খেদাৰ পটৰ পৰিবর্তন আনিব লাগিব। ই অনির্দিষ্ট কাললৈ চলি থকা কথা নহয়। বিবেকানন্দ কেন্দ্ৰৰ মূল মন্ত্র মানব নির্মাণেৰে দেশ নিৰ্ম্মাণ। এইষাৰ বাক্য পাহৰি যাব নেলাগিব। বহুতো দীঘলিয়া প্রচেষ্টাৰ আৱশ্যক হ'ব। ধৈৰ্য্যৰে কাম কৰিব লাগিব। গুৰুত্বহীন সমাজৰ গুৰিবঠা ধৰিবলৈ গুৰুৰ সৃষ্টি কৰিব লাগিব। মানুহৰ অস্থিৰ মনলৈ ভাৰসাম্যতা ওভটাই আনিব লাগিব।

নিজৰ গন্তব্যস্থানৰ উৱাদিহ নোপোৱা দৌৰি থকা বস্তুবাদী মনৰ গৰাকী সকলক প্রকৃত পথৰ সন্ধান দিবই লাগিব। এদিন নিশ্চয় ভোগবাদী সমাজে কঢ়িয়াই অনা অনিষ্টকৰ দিশবোৰ শেষ হ'ব। আমাৰ আশা নিষ্প্রভ হ'বলৈ দিব নোৱাৰি।

"Control and master: control the vagrant mind, the violant senses. Never let them do as they fancy, but bring them all to serve your will, yield not ever to their dictates and see that they execute all that you order". ---Swami Chinmoyananda

আজি গুৰু পূর্ণিমাৰ পূণ্য তিথিত যি সকলে উজ্জ্বল ভৱিষ্যতৰ আশা ধৈৰ্য্যৰে মনৰ মাজত পোষণ কৰি গুৰু পূর্ণিমাৰ দিনটো উদ্যাপন কৰি আহিছে সেই সকলোলৈকে ধন্যবাদ আৰু শ্রদ্ধা জনাইছো। সকলোলৈকে মোৰ শুভেচ্ছা থাকিল।


×

Post a Comment

0 Comments