গুৰু পূর্ণিমা সংখ্যা, ২০২৬ চন
“গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু, গুৰুৰ দেৱো মহেশ্বৰঃ। গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্রীগুৰুৱে নমঃ।।”
এসময়ত এগৰাকী গুকরে ধ্যান কৰি আছিল। গৰমৰ দিন। গছৰ তলত বহি গুৰু ধ্যানত মগ্ন। সেই সময়তে দুজন শিষ্য সেইফালে গৈ আছিল। বহু দিনৰে পৰা তেওঁলোকৰ মনত প্রশ্ন আছিল যে ভগবানক কেনেকৈ প্রার্থনা কৰিব পাৰি। তেওঁলোকে দেখি আহিছিল যে গুৰু জনাই সদাই গছৰ তলত বহি প্রার্থনা কৰি থাকে।
তেওঁলোক লাহে লাহে আহি গুৰৰ ওচৰ পালে। কিন্তু গুৰু ধ্যানত মগ্ন। কিছুসময় এনেদৰে থকাৰ পিছত গুরুব ধ্যান ভাগিল আৰু তেওঁ চকু মেলি দুয়োগৰাকী শিষ্যক দেখিলে। গুঝবে সুধিলে তোমালোকে এনেদৰে বহি আছা যে কিবা সুধিবা নেকি? দুয়োজন শিষ্যই দুয়োজনকে চালে আৰু মাত লগালে; হয় আমি এটা কথা জানিবৰ বাবে আপোনাৰ ওচৰত ৰৈ আছো। ভগবানক কেনেদৰে প্ৰাৰ্থনা কৰিব লাগে আমাক শিকাই দিয়ক। তেতিয়া গুৰুৱে তেওঁলোকক প্রার্থনাৰ পদ্ধতি বা কেনেকৈ কি সময়ত কৰিব পাৰে সকলো শিকাই দিলে আৰু বুজাই দিলে যে প্রার্থনা অন্তৰেৰে কৰিলে বিপদৰ পৰা হাত সাৰিব পাৰি।
গুরুক সেৱা জনাই দুয়োজনে ঘৰলৈ গ'ল। চাৰিদিন মান পিছত দুয়ো গৰাকী শিষ্যই ফুৰিবলৈ ওলাই গৈছিল। হঠাতে দেখিলে এটা ষাড় গৰু জোৰেৰে দৌৰি তেওঁলোকৰ ফাললৈ আহি আছে। তাকে দেখি দুয়োজনে দৌৰিবলৈ ধৰিলে দূৰত দেখিলে পথাৰৰ মাজত এখন জেওৰা দিয়া আছে। দুয়োজনে জেওৰাখন পাৰ হৈ ভিতৰলৈ গৈ ভাবিলে যে ষাড় গৰুটো ছাগে জেওৰাখন দেখি আঁতৰি যাব। কিন্তু ষাড় গৰুটো আৰু জোৰত তেওঁলোকৰ ফালে চোঁচা ললে। দুয়োজনে ভাবিলে আজি নিস্তাৰ নাই। সেয়েহে কি কৰা যায়।
হঠাতে এজন বন্ধুৰ মনত পৰিল যে গুৰুৱে কৈছিল- প্রার্থনা কৰিলে বিপদৰ পৰা হাত সাৰিব পাৰি। সেয়েহে শিষ্যজনে আনজন শিষ্যক ক'লে যে আমি দুয়ো বহি প্ৰাৰ্থনা কৰোঁ কাৰণ তাৰ বাহিৰে বাছি যোৱাৰ উপায় নাই। আনজন শিষ্যই ক'লে মই যে একো প্রার্থনা নাজানো, মোৰ মনতো নাই। ইতিমধ্যে ষাড় গৰুটো আহি ওচৰ পাইছিল। দুয়োজনে মাটিতে চকুমুদি বহি মনলৈ যি প্রার্থনা আহে তাকে কৰিবলৈ ধৰিলে। লাহে লাহে ষাড় গৰুটো ঠাণ্ডা হৈ অন্যপিনে গুছি গ'ল। দুয়োজনে চকু মেলিলে আৰু প্ৰথমজনে সুধিলে তুমি কি প্রার্থনা কৰিলা? তেওঁ উত্তৰ দিলে মোৰ দেউতাই ভাত খোৱাৰ আগতে গাবলৈ এটা প্রার্থনা শিকাইছিল- 'হে ভগৱান আমাক যিখিনি
দিছা তাৰ বাবে ধন্যবাদ। মই তাকেই গালো। প্রার্থনা যিয়েই নহওক ভক্তিভাবে কৰিলে তাৰ ফল নিশ্চয় পাব পাৰি। গুৰু পূর্ণিমাৰ এই শুভ ক্ষণত আমি গুৰুৰ কথা মনত ৰাখি শ্ৰদ্ধাৰে গুৰুক স্মৰণ কৰিলে যি কোনো বিপদৰ পৰা হাত সাৰিব পাৰো।
×

Post a Comment
0 Comments